নিউজ ডেস্কঃ ‘‘বি টি আৰ ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি, বিভিন্ন আঁচনিৰ কোটি কোটি টকা আত্মসাৎ হৈছে বি টি আৰত, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি টি আৰ ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি’’ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই এই বিস্ফোৰক মন্তব্য কৰিছে। প্ৰতিটো আঁচনিৰ কোটি কোটি টকা আত্মসাৎ হৈছে বি টি আৰত।বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই সংঘটিত হৈছে বহু কেলেংকাৰী।শুকুৰবাৰে মহানগৰীত এক সংবাদমেলত সম্বোধন কৰি বি টি আৰত সংঘটিত হোৱা ব্যাপক কেলেংকাৰী সন্দৰ্ভত এনেদৰেই সৰৱ হৈ পৰে প্ৰমোদ বড়ো।
বি টি আৰ ত অবৈধভাবে ৰখা অস্ত্ৰ-শস্ত্র সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে।
আগন্তুক বি টি আৰ নিৰ্বাচনত ৩১ খন আসন লাভ কৰি ইউপিপিএলে বি টি আৰ দখল কৰিব বুলিও দাবী কৰিছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োয়ে৷