জনতা ভৱনত শুকুৰবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে।
কেবিনেটে লোৱা সিদ্ধান্তসমূহ হ’ল :
- ছেমি কণ্ডাক্টৰ প্রকল্প অসমত স্থাপন কৰাক লৈ কেন্দ্রীয় চৰকাৰক কেবিনেটৰ জৰিয়তে জনায় ধন্যবাদ।
- ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্রকল্প।
- জাগীৰোডৰ কাগজ কলৰ ৫০০ বিঘা মাটিত নিৰ্মাণ হ’ব এই প্রকল্প।
- প্রকল্পৰটোৰ জৰিয়তে পোনপটীয়াকৈ ১৫ হাজাৰ লোকে লাভ কৰিব নিয়োগ।
- যোৰহাটৰ বৰুৱা চাৰিআলিত ১৬৪ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এখন উৰণ সেতু।
- যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ হ’ব এই সেতু।
- ৪৫৪৬ কোটি ৭৪ লাখ টকা নাবাৰ্ডৰ পৰা পুনৰ ঋণ লোৱাৰ অনুমোদন।
- পঞ্চায়ত নিৰ্বাচন নোহোৱালৈক ADC,CO, BDOৰ জৰিয়তে পঞ্চায়তৰ কাম-কাজ চলাই নিয়াৰ সিদ্ধান্ত।