নিউজ ডেস্কঃ অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ইব্ৰাহিম আলীয়ে জানিব দিয়ে যে অহা ১৫ ডিচেম্বৰ তাৰিখে কেইগৰাকীমান কেব চালকে অসাংগঠনিক ভাবে কেব বন্ধ ঘোষণা কৰিছে । যাৰ ফলত অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে এই বন্ধৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু এই বন্ধক সকলো কেব চালকসকলক সমৰ্থন নকৰিবলৈ অনুৰোধ জনাইছে। অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে এইটোও স্পষ্ট কৰি দিয়ে যে এই বন্ধৰ লগত অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ কোনো সম্পৰ্ক নাই।