আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব কেইবাখনো নতুন মুখে ।
কেইবাগৰাকী জ্য়েষ্ঠ কংগ্ৰেছী নেতাৰ সন্তানে আগবঢ়াব প্ৰাৰ্থিত্ব ।
সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পূৰ্বেই ৰাজনীতিৰ পথাৰত সংস্থাপিত কৰিব বিচাৰিছে নিজ সন্তানক ।
এইবাৰ টিকটৰ দাবীদাৰ হিচাপে থিয় দিছে পৱন সিং ঘাটোৱাৰ, শৰৎ বৰকটকী, ডাঃ ভূমিধৰ বৰ্মন, অকন বৰা,পংকজ বৰা, অৰ্ধেন্দু দে’ আদি কেইবাজনো জ্য়েষ্ঠ নেতাৰ পুত্ৰই ।
ৰাজীৱ ভৱনৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, সোনাৰিত শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী, মৰাণত পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ,
লাহোৱালত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ, পূব গুৱাহাটীত পংকজ বৰাৰ পুত্ৰ শান্তনু বৰা, বৰক্ষেত্ৰীত ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন,
হাজোত অকন বৰাৰ পুত্ৰ মানস বৰা, হোজাইত অৰ্ধেন্দু দে’ৰ পুত্ৰ অনিৰুদ্ধ দে’, বদৰপুৰত জামালুদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদ,
দক্ষিণ অভয়াপুৰীত প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ পুত্ৰ প্ৰদীপ সৰকাৰ, টিয়কত প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী গগৈ, আমগুৰিত অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত প্ৰাৰ্থিত্বৰ দাবীদাৰ ।
সমষ্টিসমূহত দ্বিতীয় প্ৰজন্মক সংস্থাপিত কৰিবলৈ অব্যাহত ৰখা জ্যেষ্ঠ নেতাৰ প্ৰচেষ্টাই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে কংগ্ৰেছৰ ভিতৰচ’ৰাতো ।
সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ আস্থা বুটলিবলৈও আপ্ৰাণ চেষ্টা চলাইছে এইসকল যুৱ-নেতাই ।
কিন্তু নিৰ্বাচনত কেনেধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব এইসকল প্ৰাৰ্থীয়ে সেয়াহে লক্ষণীয় বিষয় হ’ব আগন্তুক দিনত।
ইতিমধ্যেই কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয়, দলৰ হেৰুৱা স্থিতি ঘূৰাই আনিবলৈ সক্ষম হ’বনে এইসকল যুৱনেতাই সেয়া এক ডাঙৰ প্ৰশ্ন ।