নিউজ ডেস্কঃ অসমত সংখ্যালঘু ছাত্ৰবৃত্তিৰ প্ৰায় ৫০১ কোটিটকীয়া বিয়াগোম কেলেংকাৰীৰ তদন্ত কৰিব চিবিআয়ে। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে ছাত্ৰবৃত্তিৰ নামত ব’ৰ্ডে মোকলাই দিয়া ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকা দুৰ্নীতিৰে আত্মসাৎ হোৱাৰ অভিযোগৰ বিষয়টো কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিক অৱগত কৰি তদন্তৰ বাবে অনুৰোধ জনাইছিল। সেইমৰ্মে যোৱা ৮ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো তদন্তৰ দায়িত্ব চিবিআই’ক অৰ্পন কৰিছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰী কৰিছে ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে। আৱালে জনোৱা মতে চিবিআই তদন্তই অসমৰ লগতে পাঞ্জাৱ¸ বিহাৰ আৰু ঝাৰখণ্ডকো সামৰি ল’ব। ছাত্ৰবৃত্তিৰ নামত হোৱা দুৰ্নীতিৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিমধ্যে এই সন্দৰ্ভত চিআইডি তদন্তৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি আৱালে কয় যে যোৱা ৯ নৱেম্বৰত এই কেলেংকাৰীৰ লগত জড়িত ২১ জনকৈ ব্যক্তিক চিআইডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰে ৭ জন গোৱালপাৰাৰ¸ ৭ জন দৰঙৰ¸ ৬ জন কামৰূপ গ্ৰাম্য জিলাৰ আৰু এজন ধুবুৰীৰ। এই পৰ্যন্ত কেলেংকাৰীত জড়িত বহুকেইজন ব্যক্তি কৰায়ত্ব হৈছে। এনে দুৰ্নীতিবিৰোধী সবল আৰু কঠোৰ স্থিতি গ্ৰহণৰ বাবে আৱালে সংখ্যালঘু ৰাইজৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। চিআইডিকো ধন্যবাদ জ্ঞাপন কৰি আৱালে কয় যে ছাত্ৰবৃত্তিৰ ধন আত্মসাৎৰ কেলেংকাৰীত এটি বৃহৎ চক্ৰ জড়িত হৈ আছে। ২০১৮ চনৰপৰা বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰীৰ নামত খোলা বিভিন্ন একাউণ্টত ছাত্ৰবৃত্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকা জমা দিছে। কিন্তু এই একাউণ্টসমূহৰ গৰাকীসকলৰ কিমানগৰাকী প্ৰকৃত ছাত্ৰ সেয়া তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব। কেলেংকাৰীত জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব কৰিবলৈ তদন্তকাৰী সংস্থাক আহ্বান জনাই আৱালে কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰবাবে কেলেংকাৰীত জড়িতসকল সাৰি যাব পৰা নাই।