নিউজ ডেস্কঃ ৫ অক্টোবৰৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই ব্যৱসায়িক যাত্ৰীবাহী বাহনৰ অনিৰ্দিষ্টকালীন চকাবন্ধৰ আহ্বান কৰিছে। এই সময়চোৱাত উপলব্ধ হ’ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ৷
সোমবাৰে যাতে অসমত কোনো লোকে অসুবিধাৰ সন্মুখীন নহয় সেইবাবে যিমান সংখ্যক বেছি এএছটিচিৰ বাছ চলাচল কৰিব পাৰি সিমান চলাচল কৰাৰ বাবে আজি নিৰ্দেশনা দিছে ৰাজ্যিক পৰিবহণ নিগমে। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে বাছ চলিব। সমগ্ৰ ৰাজ্যত এছ এছ টি চিয়ে ৬৫০খনকৈ বাছ চলোৱাৰো ব্যৱস্থা কৰিছে।