নিউজ ডেস্কঃ দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবিৰ বাকৰিত বিগত বছৰসমূহৰ দৰে এইবেলিও ১ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই চানডুবি উৎসৱ।
প্ৰতিবছৰৰ দৰে এইবেলিও স্থানীয় ৰাইজৰ সহযোগিতাৰে তথা ৰাভা ছাত্র সন্থাৰ উদ্যোগত ১ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে চানডুবি উৎসৱ। শুকুৰবাৰে চানডুবি উৎসৱৰ শুভ উদ্বোধন কৰিলে ৰাভা হাছাঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। প্ৰথম দিনাখনৰ পৰাই চানডুবি উৎসৱত পৰ্যটকৰে ভৰি পৰিল চানডুবিৰ বাকৰি। আজি চানডুবি উৎসৱৰ দ্বিতীয়টে দিন ৷
উল্লেখ্য, এই চানডুবি উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ নৃত্য-গীত সমূহ প্ৰদৰ্শন কৰা হয়। বাঁহ, বেত, খেৰ আদি থলুৱা সামগ্ৰীৰে সাজি উলিওৱা চাংও ঘৰ, টংঙি ঘৰে পৰ্যটকৰ সোঁত বোৱাৰ অন্য এক কাৰণ এই চানডুবি উৎসৱৰ ৷
লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলে বিভিন্ন জনজাতীয় পৰাম্পৰাগত থলুৱা খাদ্যৰ জুতি ল’ব পাৰে। আনহাতে পৰ্যটকে চানডুবি বিলৰ বুকুত নৌকা বিহাৰো কৰিব পাৰে ৷