নিউজ ডেস্কঃ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নাৰেমপথাৰ গাঁৱৰ নিবাসী পাটৰ মুৰা নামৰ ব্যক্তিজনৰ বাৰীৰ কাষৰ এটা পুখুৰীত এটা মৃত নৱজাতকৰ ভ্ৰুণ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে আজি ৰাতিপুৱা পাটৰ মুৰাৰ পুত্ৰদ্বয় কৰন মুৰা আৰু তুফান মুৰাই মাছ ধৰিবলৈ যাওঁতে পুখুৰীটোত এটা মৃত ভ্ৰুণ দেখা পাই ঘৰত জানিবলৈ দিয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ এটি দল ঘটনাস্থলীত উপস্থিত হয়৷
শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ বিশেষ প্ৰতিবেদন