নিউজ ডেস্কঃ চৰাইদেউ জিলাৰ সোণাৰিত তিনি লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ তিনি ব্যৱসায়ী আটক । সোণাৰি নগৰত ড্ৰাগছলৈ সন্দেহজনক ভাৱে ঘূৰি ফুৰোতেই সোণাৰি মছজিদৰ সন্মুখত আটক কৰে তিনি ড্ৰাগছ ব্যৱসায়ীক।
সোণাৰি আৰু ডিব্ৰুগড় আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰে ড্ৰাগছ খিনি। আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে কবিতা ৰয় (জুলী) , ৰীতা দেৱী আৰু ৰফিকুৰ ৰহমান । কবিতা ৰয় আৰু ৰীতা দেৱীৰ ঘৰ চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী এলেকা নামতোলা অঞ্চলত ৷ আনহাতে ৰফিকুৰ ৰহমানৰ ঘৰ সদৰ সোণাৰিৰ ক’ৰ্ট কলনিৰ সমীপত । উল্লেখ্য যে অসম-নগালেণ্ড সীমান্ত নামতোলাৰ পৰা সোণাৰি নগৰৰ লগতে বিভিন্ন ঠাইলৈ ড্ৰাগছৰ অবৈধ সৰবৰাহ হৈ থকা বুলি ইতিমধ্যে বহু অভিযোগ উত্থাপন হৈছে । কেনেধৰণৰ যোগসূত্ৰত নামতোলাৰ পৰা সদৰ সোণাৰি টাউনলৈ আহে ড্ৰাগছ সেইয়া এক চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷
অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন