নিউজ ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচী লৈ আজি অসমত উপস্থিত হ’ব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা।
মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ সৈতে আহিব নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰৰ উপৰিও এটা আঠজনীয়া দল ৷
উল্লেখ্য, চলিত বৰ্ষৰ ১৯ আৰু ২০ জানুৱাৰীত আয়ুক্ত সুনীল আৰোৰাৰ দ্বাৰা অনুষ্ঠিত হ’ব এখন পৰ্যালোচনা বৈঠক ৷
য’ত সকলো ৰাজনৈতিক দলৰ লগতে মুখ্য সচিব, ৰাজ্যৰ সকলো ডি চি-এছ পি, ডিজিপি আৰু বিশেষ শাখাৰ এডিজিপি-য়ে এই আলোচনাত অংশ গ্ৰহণ কৰিব ৷
বৈঠক সমাপন কৰি চলিত বৰ্ষৰ ২০ জানুৱাৰীত উভতি যাব দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ আঠজনীয়া দলটো ৷