গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মিৰ্জাপুৰস্থিত মা মহামায়া মন্দিৰটো মিৰ্জাপুৰ তালুক কমিটিৰ উদ্যোগত বিগত প্ৰায় ডেৰ বছৰৰ নেৰানেপেৰা চেষ্টাৰ অন্তত শক্তিপীঠ কামাখ্যা মন্দিৰৰ আৰ্হিত নতুনকৈ নিৰ্মাণ কৰা হৈছে। ইফালে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি সোমবাৰে পঞ্চমী তিথিত নতুনকৈ নিৰ্মাণ কৰা মন্দিৰটো মুকলি কৰাৰ লগতে প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সোমবাৰে দিনৰ ভাগত পাঁচ শতাধিক লোকৰ উপস্থিতিত মাংগলিক কাৰ্য আৰু যাবতীয় ৰীতি – নীতিৰে প্ৰাণ প্ৰতিষ্ঠা কৰি মা মহামায়া মন্দিৰটো মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই উপলক্ষে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা মন্দিৰটো এতিয়া আজাৰা মিৰ্জাপুৰ অঞ্চলৰে নহয়, ই অসমৰ ভক্তপ্ৰাণ ৰাইজৰ বাবেও এতিয়া আকৰ্ষণৰ থলীলৈ ৰূপান্তৰিত হব। মই ইয়াৰ বাবে মন্দিৰটো নিৰ্মাণ কাৰ্যৰ লগত জড়িত সকলো কাৰিকৰ, মিস্ত্ৰী, কমিটীৰ কৰ্মকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া বাকী থকা মন্দিৰৰ সম্প্ৰসাৰণৰ কামখিনীত মোৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়াম।
ইফালে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত মিৰ্জাপুৰ তালুকৰ সভাপতি গোলক চন্দ্ৰ দাসৰ নেতৃত্বত কমিটিৰ কৰ্মকৰ্তা সকলে মূখ্যমন্ত্ৰীক মা মহামায়া মন্দিৰৰ পৰম্পৰাগত ৰীতি নীতিৰে বিপুলভাবে আদৰণি জনায়। অনুষ্ঠানত সাংসদ পল্লব লোচন দাস, বিজেপিৰ গুৱাহাটী জিলা কমিটিৰ সভাপতি তপন চন্দ্ৰ দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে পুৱাৰ ভাগত মন্দিৰৰ মুখ্য দ্বাৰৰ লগতে আন তিনিওখন দ্বাৰ মুকলি কৰে ক্ৰমে – মৰ্মেশ্বৰ ঠাকুৰীয়া, ভদ্ৰেশ্বৰ মালী , গণেশ বৰদলৈ আৰু ফটিক চন্দ্ৰ দাসে। ধৰ্মীয় ধজ্জা উত্তোলন কৰে বাসুদেৱ মালীয়ে। তেনেদৰে ধৰ্মীয় পাৰ চৰাই এৰি দিয়ে ক্ৰমে – ইন্দুপ্ৰভা বৰুৱা, জিতুমণি ঠাকুৰীয়া আৰু জিতেশ কুমাৰ যাদৱে। তাৰ পাছত জিতুমণি ঠাকুৰীয়াৰ ঘৰৰ পৰা দুলনী আদৰি আনি মন্দিৰত স্থাপন কৰা হয়।