বর্ষা ঋতুক বিদায় দি শৰতক আঁকোৱালি লোৱাৰ মধুৰ ক্ষণেই হ’ল পৱিত্ৰ ভাদ মাহ। পৱিত্ৰ ভাদ মাহটোত হৰিনাম ল’লে সমাজৰ পৰা অপায়-অমংগল নাশ হোৱাৰ লগতে মনৰ কামনা পূর্ণ হয় বুলি গভীৰ বিশ্বাস কৰা হয়। জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিৰ নামঘৰ, মন্দিৰত ভক্তিৰসৰ অমিয়া ৰস বোৱাই অনাৰ বাবে পৰম্পৰা ৰক্ষা কৰি সমষ্টিটোৰ প্ৰতিটো নামঘৰত প্রতি বছৰে চলি অহা পৱিত্ৰ এমহীয়া ভাদ মাহত মহাপুৰুষ দুজনাৰ সোঁৱৰণত শৰাই আগবঢ়াই আহিছে। ইয়াৰ অংশ হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ এক নম্বৰ ৱাৰ্ডৰ খানামুখ, লংকেশ্বৰ, গাড়ীগাঁও, পাণ্ডু – সদিলাপুৰ অঞ্চলৰ ১৮ টাকৈ ৰাজহুৱা নামঘৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মর্মে কালি শৰাই আগবঢ়োৱা হয়।
এই উপলক্ষে গাড়ীগাঁও শ্যামৰায় নামঘৰ প্ৰাংগনত বিয়লি অনুষ্ঠিত এক অনুষ্ঠানত শৰাই বিতৰণ কাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ বিষয়া আৰু বিজেপিৰ কিষণ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই । তেঁও প্ৰতিটো নামঘৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলৰ উপস্থিতিত বুট-মাহ, নগদ ধনসহ এখনকৈ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত প্রশস্তি- পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী, বিজেপিৰ গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডল সমিতিৰ সভাপতি সিদ্ধেশ্বৰ কলিতা, সাধাৰণ সম্পাদক মনোজ কুমাৰ দাস আৰু মৃণাল দাস, সম্পাদক প্ৰাঞ্জল তালুকদাৰ , মহিলা মৰ্চাৰ কৰ্মকৰ্তা দুলুমণি দাসকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত আছিল।