উদ্যোগীকৰণৰ এক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে আজিৰ পৰা ৰাজ্যত আৰম্ভ হ’ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ উদ্যোগী সকলক প্ৰদান কৰা হ’ব ২ৰ পৰা ৫লাখকৈ টকা। সোমবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত এক অনুষ্ঠানৰ জৰিয়তে নিৰ্বাচিত ২৫,০৬৪ জন হিতাধিকৰীক প্ৰদান কৰিব প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা। নিৰ্বাচিত সকলো যুৱক-যুৱতীক ৩ দিনীয়া প্ৰশিক্ষণ সমাপ্ত হোৱাৰ লগে লগে আৰু ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। এই ১ লাখ টকা হিতাধিকাৰীসকলে কি ধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি পুনৰ ১ লাখ টকা দিয়া হ’ব। টকা ঘূৰাই দিয়া সন্দৰ্ভত শৰ্মাই কয় যে, ১ লাখ টকা ঘূৰাই দিব নালাগে। বাকী ১ লাখ টকা ৩ বছৰ পাছত মাহে ৫ হাজাৰকৈ দিব লাগিব। ইয়াৰ পাছতে চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি’ৰ দ্বিতীয় লানি আৰম্ভ কৰিব। ইয়াৰ অধীনত চৰকাৰে আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক এই আঁচনিৰ ধন প্ৰদান কৰাৰ চেষ্টা কৰিব।
উল্লেখ্য যে, উদ্যোগীসকলক স্বাৱলম্বী হ’ব পৰাকৈ এই আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে। নিৰ্বাচিত উদ্যোগী সকলক ৫০ শতাংশ ৰাজসাহাৰ্য্য প্ৰদান কৰা হব। কেতবোৰ নিয়মৰ মাজেৰে ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা লাভ কৰিব হিতাধিকাৰীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা তথা দুগ্ধ পাম,পেকেজিং আদি সামৰি লোৱা হ’ব। আগন্তুক ২ বছৰত এই আঁচনিৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। লগতে হিতাধিকাৰীৰ বাবে বান্ধি দিয়া হৈছে কেইটামান চৰ্ত-
হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। বয়স হব লাগিব ১৮ ৰ পৰা ৪৫ বছৰ।শিক্ষাগত অৰ্হতা নূন্যতম দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।পূৰ্বতে ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব। উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকালাপৰ বাবে আই টি আই, ডিপ্লোমা আদি থাকিব লাগিব।প্ৰতিটো পৰিয়ালত মাত্ৰ এজনে পাব সুবিধা। চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ পৰিয়ালৰ হ’ব নোৱাৰিব। ২০২৩ চনৰ ১ এপ্ৰিলৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিব লাগিব।