নিউজ ডেস্কঃ ৬ ডিচেম্বৰত অসমৰ ফুটবল আন্ত:গাঁথনিক নতুন গতি দিয়াৰ উদ্দেশ্যে গুৱাহাটীৰ প্ৰথম ফিফা অনুমোদিত ফুটবল টাৰ্ফ তথা স্প’ৰ্টছ কমপ্লেক্স ‘গেম অন এৰেনা’ আজি উদ্বোধন কৰা হয় ৷ বেহাৰবাৰীৰ কেৰাকুছি তিনিআলিত থকা এই টাৰ্ফ মূলত: গ্ৰাছৰুটছ ফুটবল উন্নয়ন, শিশু ফুটবলাৰক সুৰক্ষিত আৰু বিশ্বমানৰ সুবিধা দিয়াৰ লগতে সুলভ মূল্যত ফুটবলপ্ৰেমীকো ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব ৷
ফুটবলপ্ৰেমী পিতা-পুত্ৰ হীৰেণ বৰ্মন আৰু জিতেন বৰ্মনৰ উদ্যোগত আৰু আইআইএমৰপৰা স্প’ৰ্টছ মেনেজমেণ্টৰ ডিগ্ৰীধাৰী ছাজাদ ছিদ্দিকিৰ প্ৰচেষ্টাত প্ৰাণ পোৱা এই টাৰ্ফত গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ সহযোগত গ্ৰাছৰুটছ প্ৰকল্প ৰূপায়ন কৰা হ’ব ৷ এই প্ৰকল্পত সহযোগ কৰিছে আগশাৰীৰ লাইটিং কোম্পানী ক্ৰিট্ৰনেও ৷
আজিৰ অনুষ্ঠানত সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি সুবোধ মল্ল বৰুৱা, এএফচি বি লাইচেঞ্চপ্ৰাপ্ত খ্যাতনামা প্ৰশিক্ষক কমলাকান্ত লইটংবাম আৰু জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা উপস্থিত থাকি টাৰ্ফখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ অনুষ্ঠানত জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তী আৰু ডৰিক ৰঞ্জন ডেকাও উপস্থিত থাকে ৷ ইয়াৰ পিছতে গুৱাহাটী চিটী এফচি ফুটবল একাডেমী আৰু কাজিৰঙা ফুটবল একাডেমীৰ মাজত এখন অনুৰ্ধ ৯ প্ৰদৰ্শনী ফুটবল মেচো অনুষ্ঠিত হয় ৷