মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে উদ্বোধন কৰে দুখন নতুন আঁচনি ।
কলেজ শিক্ষাৰ্থী আৰু সাহিত্যিকৰ বাবে মুকলি কৰা হৈছে আঁচনি দুখন ।
ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজ শিক্ষাৰ্থীসকলে লাভ কৰিব ১৫০০ টকাকৈ ।
ৰাজ্যৰ ৩,২৬,০৪৬ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যপুথি কিনিবলৈ লাভ কৰিব এই ধনৰাশি ।
ইয়াৰ উপৰি ৪ লাখ যোগ্য শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা ।
ভাষা গৌৰৱ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ২১ খন সাহিত্য সভা (সাহিত্য়িক সংস্থা) ক তেওঁলোকৰ অনবদ্য বৰঙণিৰ বাবে প্ৰদান কৰিব ৪৩ কোটি টকা ।
এই আঁচনিৰ অধীনত ৬০০ গৰাকী লেখকে সাহিত্য কৰ্মৰ বাবে লাভ কৰিব ৫০,০০০ টকাকৈ ।
যুৱ প্ৰজন্মক শিক্ষা তথা সাহিত্য কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ।
নৱপ্ৰজন্মৰ সামগ্ৰীক বিকাশ তথা উত্তৰণৰ বাবে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত অংশগ্ৰহণত আগ্ৰহী কৰি তুলিবলৈ শিক্ষক আৰু অভিভাৱকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।