আজি ২ ডিচেম্বৰ ৷
আজি অসম দিৱস বা চুকাফা দিৱস।
বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৯৬ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে । ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ ১৬ আঘোণত অৰ্থাৎ আজিৰ দিনটোতে তাইকোঁৱৰ চাও ল্যুং চুকাফা সৌমাৰত উপস্থিত হৈছিলহি। সেই সময়ত পাটকাই পৰ্বতৰ নামনিত বিস্তীৰ্ণ এলেকা যুৰি ফুলি থকা সোণালী ৰঙৰ সৰিয়হ ফুলবোৰ দেখি ছ্যুকাফাই কৈছিল মুং-ডুন-ছ্যুন-খাম। অৰ্থ- সোণেৰে উপচা ঠাই।সেই গৰাকী চুকাফাৰ নামত আজিৰ দিনটো অসম দিৱস হিচাপে ১৯৯৬ চনৰ পৰা উদযাপন কৰি অহা হৈছে।অনেকে চুকাফাই সাত ৰাজ মাৰি এক ৰাজ কৰিছিল বুলি ক’বলৈ প্ৰয়াস কৰে যদিও তেওঁ সাতৰাজ একত্ৰিত কৰি একৰাজহে কৰিছিল। উক্ত কাৰণতহে চুকাফাক দিগ্বিজয়ী বীৰৰ সলনি সমন্বয়ৰ প্ৰতীক আখ্যা দিয়া হয়।সাতৰাজ মাৰি একৰাজ কৰি আঁঠচোকীয়া মোহৰ মৰাইছিল অসমৰ নেপোলিয়নখ্যাত তথা প্ৰথম স্বৰ্গনাৰায়ণ বা স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা চুহুংমুং বা দিহিঙীয়া ৰজাই । চুকাফা ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহাৰ সময়ত উজনিত বৰাহী আৰু মৰাণ সকলে ৰাজত্ব কৰিছিল। চুকাফাৰ লগত অহা তাইসকলৰ পৰাক্ৰম দেখি বৰাহীসকলে য়াং হোম বুলি কৈছিল। বৰাহী ভাষাৰ শব্দ য়াং মানে ভয় লগা আৰু হোম মানে জাতি। অৰ্থাৎ ভয় লগা জাতি। এই য়াং হোমৰে অপভ্ৰংশ হয়তো আহোম। চুকাফা এই মুলুকলৈ অহাৰ সময়ত তিপামৰ পৰা কলিয়াবৰ পৰ্যন্ত সমগ্ৰ অঞ্চল জলমগ্ন হৈ আছিল আৰু তাকে দেখি তাই সকলে আশ্চৰ্যত খাওখাম বুলি চিঞৰি উঠিছিল। তাই ভাষাৰ শব্দ খাওখামৰ খাও মানে পানী আৰু খাম মানে পথাৰ। অৰ্থাৎ পানীৰ পথাৰ। অন্যহাতে খাওখাম তাই-আহোমৰ জলাধিপতি। এই খাওখামৰ পৰা আওখাম আৰু আওখামৰ পৰাই আসাম হ’ল বুলি জনা যায়। উক্ত কাৰণতে বৃটিছসকলে শিৱসাগৰক Sibsagor বুলি কোৱাৰ দৰে আসামক কৈছিল Assam.
পুৰণি বিহুগীতত উল্লেখ আছে–
কৈলাসত আছিলে ৰঙৰে বিহুটি ভৈয়ামত ল’লেহি ঠাই।
আওখাম ডেকাল’ৰাই আদৰি আনিলে চেনেহৰ বিহুটিক পাই।
১৯৫৩ চনত ছিলঙত ডo সূৰ্য্যকুমাৰ ভুঞাৰ সভাপতিত্বত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাদশ অধিৱেশনত আসাম নামৰ বিলুপ্তি ঘটাই অসম কৰা হয় বুলি জনা যায় ৷
চুকাফা দিৱস উপলক্ষে আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি লৈ আগবঢ়োৱা হ’ব ২০২০ বৰ্ষৰ চুকাফা বটাঁ ৷ অসমৰ মুুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে ঔপন্যাসিক য়েছে দৰজে ঠংচিক আদৰিবলৈ ডিব্ৰুগড়ত ব্যাপক প্ৰস্তুতি চলাইছে ৷