ডিব্ৰুগড়বাসীৰ বাবে সুখৱৰ ৷ ২×১০ এমভিএ ৩৩/১১ কে ভি মানসম্পন্ন আৰু অবিৰত বিদ্যুৎ যোগানৰ লক্ষ্যৰে উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গেছ ইনচুলেটেড উপকেন্দ্ৰৰ উদ্বোধন কৰে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ডিব্ৰুগড় নগৰৰ HS পথৰ সমীপত মংগলবাৰে সন্ধিয়া সংহত বিদ্যুৎ উন্নয়ন আচঁনিৰ অধীনত নিৰ্মিত ২×১০ এমভিএ ৩৩/১১ কে ভি সম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ উদ্বোধন কৰি তেওঁ বিদ্যুৎ অবিহনে উন্নয়ন অসম্ভৱ বুলি কয়।যিকোনো খণ্ডৰে উন্নয়ন হবলৈ হ’লে বিদ্যুৎ যোগান থাকিবই লাগিব।সেয়ে ২৪ ঘণ্টাই ডিব্ৰুগড়বাসীয়ে উন্নত মানদণ্ডৰ বিদ্যুৎ লাভ কৰাৰ বাবে এই উপকেন্দ্ৰ মুকলি কৰা হৈছে বুলি তেওঁ কয়।
লগতে বিদ্যুৎ খণ্ডলৈ অহা ক্ৰমে পৰিৱৰ্তন তথা উন্নয়ন সন্দৰ্ভতো সাংবাদিকসকলক অৱগত কৰে।উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ ভি পিপাৰচেনীয়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালা,আদি উপস্থিত থাকে।