আজি অসম দিৱসৰ সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আজি মুকলি কৰিলে আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম। মূৰ্ত্ত-বিমূৰ্ত্ত ঐতিহ্য, সংস্কৃতি, ইতিহাস, পৰম্পৰা সংগ্রহ, সংৰক্ষণ, প্রদর্শন তথা গৱেষণাৰ অৰ্থে অত্যাধুনিকভাবে সংগ্ৰহালয়টো মুকলি কৰে ৷
উল্লেখ্য যে ডিব্ৰুগড় জিলা পুথিভঁৰালত ১৯৮৭ চনতে সংগ্রহালয়টো স্থাপন কৰা হৈছিল যদিও ডিব্ৰুগড় জিলা পুথিভঁৰালত অস্থায়ীভাবে আছিল সংগ্রহালয়টো।সম্প্রতি মুঠ ৩.৪৩ কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটিৰ নির্মাণ কৰি উলিওৱা পিছত আজি সংগ্ৰহালয়টো উদ্বোধন কৰা হয়। তিনিমহলীয়া ভৱনটিত প্রস্তাবিত বীথিকা, এটা অত্যাধুনিক প্রেক্ষাগৃহ, কার্যালয় ভৱন আৰু পাৰ্কিঙ স্থান আদিৰ সুবিধাৰে নিৰ্মান কৰি উলিয়াইছে । উল্লেখ্য যে সম্প্রতি সংগ্রহালয়ত থকা অন্যতম গুৰুত্বপূর্ণ সম্পদসমূহৰ ভিতৰত অন্যতম হ’ল গন্ধসৰৈ শিলালিপি, যাৰ আনুমানিক সময়সীমা ৬৭৫ খ্রীঃ পৰা ৭২৫ খ্রীঃ ৰ ভিতৰত হ’ব। তদুপৰি এই সংগ্রহালয়ত অসমৰ ভিতৰতে আপুৰুগীয়া আৰু অন্যান্য সমল সম্পদ ৰখাৰ ব্যৱস্থা কৰা হৈছে।
যাৰ ভিতৰত মনসা ভাস্কর্য,১০ম শতিকাৰ স্থাপত্যৰ ভগ্নাৱশেষ,আমবাৰী প্রত্নতাত্বিক ক্ষেত্ৰৰ খননৰ পৰা উদ্ধাৰ হোৱা আপুৰুগীয়া সমল আদিয়েই অন্যতম।লগতে বিভিন্ন ঐতিহাসিক মুদ্রা, বস্ত্র, প্রাচীন অস্ত্র-শস্ত্র, সাঁচিপাতৰ পুথি আৰু নৃতাত্বিক বীথিকা আদি আছে।উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, ডিক্রগড় আৰু লাহোৱালৰ বিধায়কদ্বয় ক্রমে প্রশান্ত ফুকন আৰু ঋতুপর্ণ বৰুৱা আৰু অন্যান্য কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷