চান্দা সংস্কৃতি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, মুখ্যমন্ত্ৰীয়ে চান্দা অপসংস্কৃতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। একাংশই চান্দাৰ জৰিয়তে নিজৰ জীৱন-যাপনৰ পথ হিচাপে লৈছে। সেই পথটোৰ বিপক্ষে ৰাইজে আগৰে পৰা মাত মাতি আহিছে। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ আহ্বানৰ প্ৰতি সন্মান জনাই গ্ৰহণ কৰা পদক্ষেপক শদিয়াৰ পৰা ধুবুৰীলৈ উদযাপন সমিতি সমূহে আদৰণি জনাইছে। বলপূৰ্বকভাৱে ধন দাবী কৰা ব্যৱস্থাৰ পৰা আঁতৰি আহি নিজৰ জাতিটোৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাই মুখপাত্ৰ গৰাকীয়ে।
আনহাতে, ৰাজ্য চৰকাৰে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। চান্দা সংস্কৃতি বন্ধৰ পোষকতা কৰি কলিতাই কয় যে বিজেপি দলে চান্দা সংস্কৃতিক কেতিয়াও অগ্ৰাধিকাৰ নিদিয়ে। কিছুমান সংগঠনে মাহেকীয়াভাৱে চান্দা সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিব লাগে। দাতাসকলক অনাগত দিনত ধন নিদিবলৈ আহ্বান জনাই তাৰ বাবে হয়তো আইন প্ৰণয়ন কৰা হব বুলিও তেওঁ দোহাৰে।