আজি বিশ্ব যোগ দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ প্ৰান্তে প্ৰান্তে আয়োজিত হৈছে যোগাসনৰ বিশেষ অনুষ্ঠান। শীৰ্ষ ৰাজনৈতিক নেতা, প্ৰশাসনীয় বিষয়াৰ লগতে সাধাৰণ জনতাইও ভাগ লৈছে এনে কাৰ্যসূচীত। পিছ পৰি নাথাকিল অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও।
সম্প্ৰতি উজনি আৰু উত্তৰ অসম ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি পুৱাতে গেৰুকামুখৰ এন এইছ পি চি ৰ চৌহদত আয়োজিত এক বিশেষ যোগ কাৰ্যসূচীত ভাগ লয়।
কাৰ্যসূচীৰ পিছতে তেওঁ টুইটযোগে যোগৰ বিশ্বজোৰা সম্প্ৰসাৰণত নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লিখে যে যোগাভ্যাস হ’ব লাগে আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ।
ক’ভিড অতিমাৰীয়ে তাণ্ডৱ চলাই থকা এই সময়ত যোগাসনে দেহৰ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি বৃদ্ধিত সহায় কৰাৰ লগতে মনক ধনাত্মক চিন্তাৰে সমৃদ্ধ কৰিব বুলিও এটা টুইটত উল্লেখ কৰে হিমন্তবিশ্ব শৰ্মাই।