বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আছে কেইটামান দিন। ইতিমধ্যে প্ৰতিটো দলে প্ৰকাশ কৰিলে সমষ্টিৰ হৈ প্ৰাৰ্থীৰ তালিকা। কিন্তু এইসমূহ প্ৰাৰ্থীৰ তালিকাত সেইসমূহ নেতাৰো নাম অন্তৰ্ভুক্ত হৈছে যিসকল নেতাৰ শিক্ষাগত অৰ্হতা থাকক বা নাথাকক অপৰাধ জগতত আছে বিশেষ অৰ্হতা।
আমি বহুজনৰ নাম নলও, প্ৰত্যক্ষভাৱে এজন নেতাৰে নাম মনত উঠিছে। সেইজন হ’ল বিধানসভা সমষ্টি বঢ়মপুৰৰ প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থী সুৰেশ বৰা। বৰাৰ বিৰুদ্ধে আছে ৪টাকৈ অপৰাধমূলক গোচৰ। ইফালে তেওঁৰ শিক্ষাগত অৰ্হতা হ’ল উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ। শিক্ষাৰ দিশত পিছপৰি থাকিলেও অপৰাধ জগতত পূৰ্ণোদ্যমে আগবাঢ়ি গৈ আছে এইগৰাকী কংগ্ৰেছৰ টিকট প্ৰাপ্ত প্ৰাৰ্থী।
তেওঁৰ অপৰাধৰ তালিকা যদি আমি খুচৰিবলৈ যাও তেন্তে প্ৰথমে আমি উল্লেখ কৰিম যে, তেওঁৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৪টা। ২টা গোচৰ ৰুজু হৈ আছে নগাঁও আৰক্ষী থানাত, এটা আছে চামগুৰি আৰক্ষী থানাত। দোষী সাব্যস্ত হৈছে এটা অপৰাধৰ গোচৰত। প্ৰতাৰণাৰ উদ্দেশ্যৰে জালিয়াতি কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে নগাঁও থানাত IPC 468 ধাৰাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। ইফালে প্ৰতাৰণা তথা অসৎভাৱে সম্পত্তি বিতৰণ প্ৰেৰণ সম্পৰ্কীয় অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষী থানাত IPC 420 ধাৰাত ৰুজু হৈ আছে গোচৰ। IPC 506 ধাৰাত ভয়-ভাবুকি প্ৰদানৰ অভিযোগো আছে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে।
আনহাতে ২০১৯ বৰ্ষত সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান ৷ কংগ্ৰেছৰ আমোলত জলসম্পদ বিভাগত কোটিটকীয়া ঠিকা লাভ কৰিছিল বৰাই ৷ সুৰেশ বৰাৰ মালিকাধীন অংকুৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ কোটিটকীয়া কেলেংকাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই তদন্ত আৰম্ভ কৰিছিল।
বন বিভাগৰ ভুৱা চালান আৰু বহু ভুৱা নথি পত্ৰৰে ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ৷ নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মীয়ে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছিল।
তেওঁৰ অপৰাধৰ কাহিনী কৈ থাকিলেও ওৰ নপৰে। আমি এই কথা কোনো তথ্য নোহোৱাকৈ উল্লেখ কৰা নাই। আমি সকলো তথ্য দেখুৱাম কিন্তু এইখিনিতেই এই কথাটো নকয় নোৱাৰি যে, কিয় এইসমূহ নেতাই টিকট লাভ কৰে? নে অপৰাধৰ জগতত আৰু এখোজ আগবাঢ়িবলৈ লাগে ৰাজনীতিৰ হাত? নে দলে বিচাৰে এনে অপৰাধীক ৰাজনৈতিক জগতত?