এসপ্তাহ নহওতেই ৭০,০০০তকৈ অধিক নিবনুৱাই নাম পঞ্জীয়ন কৰিলে www.Congressor5Guarantee.in ৱেবচাইটত ৷
“কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক অভিযানৰ অংশস্বৰূপে অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে কংগ্ৰেছে আগবঢ়াইছে চাকৰিৰ গেৰাণ্টি ৷
বছৰি এক লাখকৈ পাঁচ বছৰত সৰ্বমুঠ পাঁচ লাখ চৰকাৰী চাকৰি দিয়াৰ গেৰাণ্টি দিছে অসমৰ ৰাইজক ।
প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ মতে, “অসম এতিয়া উন্নয়নশীল ভৱিষ্যতৰ দিশত।
ৰাজ্যখনৰ যুৱক যুৱতী সকলে কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানক আন্তৰিকতাৰে সমৰ্থন জনাইছে।
এতিয়ালৈ ৭০০০০ ৰো অধিক যুৱক যুৱতীয়ে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন ভুক্ত হৈ তেওঁলোকৰ কংগ্রেছ দলৰ প্ৰতি বিশ্বাস আৰু আস্থা প্ৰদৰ্শন কৰিছে।”
কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়, “এতিয়ালৈ ৭০০০০ ৰো অধিক লোকে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰি কংগ্রেছ দলৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে।
অসমৰ যুৱক সকলে এতিয়া কংগ্রেছ দলৰ চৰকাৰ অহাটো অপেক্ষা কৰি আছে যাতে তেওঁলোকৰ আশা আকাংক্ষাবোৰ পূৰণ হয়।”
‘অসম বচাও আহক’ অফিচিয়েল হেণ্ডেলৰ জৰিয়তেও কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমবাসীয়ে ।
৭০,০০০ ৰো অধিক পঞ্জীয়নে কংগ্রেছ দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি অসমবাসীৰ বিশ্বাস আৰু আস্থাক প্ৰতীয়মান কৰিছে ৷