কা আন্দোলনত নিহত ৫গৰাকী ছহিদৰ সোঁৱৰণত কা বিৰোধী বাৰ্তা সংলগ্ন গামোচা প্ৰদৰ্শন কৰা হ’ব স্মৃতিসৌধত ৷
অসমৰ জনসাধাৰণৰ পৰা কংগ্ৰেছে সংগ্ৰহ কৰিব ৫০ লাখ গামোচা৷
কা বিৰোধী বাৰ্তা সংলগ্ন এই গামোচা প্ৰেৰণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷
কা আন্দোলনৰ ৫গৰাকী ছহিদৰ সোঁৱৰণত গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া স্মৃতিসৌধত প্ৰদৰ্শন কৰা হ’ব এইসমূহ গামোচা ৷
In the coming months, Guwahati will see a new landmark: a grand memorial in memory of the anti-CAA movement to be built by the incoming Congress government.
This will be the state’s message to BJP: no CAA in Assam. #AxomBasaonAhok #AssamBachao
— Ripun Bora (@ripunbora) February 16, 2021
ছহিদসকলৰ সোঁৱৰণত গুৱাহাটীত স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল কংগ্ৰেছে ৷
লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ঘৰে ঘৰে গৈ গামোচা সংগ্ৰহ কৰিবলৈও সাংসদ গৌৰৱ গগৈয়ে দলৰ সদস্যসকলক আহ্বান জনাইছে ৷
Your chance to be a part of history! Humbly request you to write-why you don’t want CAA in Assam with your name on a Gamosa & send it to @INCAssam office. It will find a place at the grand memorial to be built in Guwahati in memory of the anti-CAA movement.#AxomBasaonAhok pic.twitter.com/GTauravAJo
— Gaurav Gogoi (@GauravGogoiAsm) February 17, 2021