ৰাজ্যত পথ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ লোকনির্মাণ বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ “ভাৰতমালা ” আঁচনিৰ আৰ্হিত গ্ৰহণ কৰিছিল “অসমমালা” নামৰ এখন অভিলাষী আঁচনি। আঁচনি খনৰ মূল লক্ষ্য আছিল পূৰ্বৰ গুৰুত্বপূৰ্ণ কিন্ত একক পথযুক্ত পথ সমূহক দুই লেনযুক্ত পথলৈ উন্নীতকৰণ কৰি পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ লগতে যান বাহনৰ চলাচলৰ সময় ৰাহি কৰা। আনহাতে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত পলাশবাৰী উপ সংমণ্ডলৰ তদাৰকতাত অসমমালা আঁচনিৰ অধীনত বিগত ২০২১ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপনৰে পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ দাঁতিৰ মথাউৰীৰ পৰা পলাশবাৰী মিৰ্জা, বৰিহাট , লোহাৰঘাট, বৰদোৱা বাগানহৈ মুদকীলৈ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল প্ৰায় ২৯ কিঃমিঃ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এটা পথ। ১৬৪.৫৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ২৪ মাহ বা দুই বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এই সন্দৰ্ভত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাইজানিবলৈ দিয়া মতে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ( National Highway Standard ) দৰে একে বা সমপৰ্যায়ৰ মানদণ্ডৰে নিৰ্মাণ কৰি থকা পথছোৱাৰ এবছৰ নৌহতেওঁ ৬০ শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। বিভাগৰ ফালৰ পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হলেও তাৰ প্ৰায় পাঁচ বা ছয়মাহ পূৰ্বে অৰ্থাৎ অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজাৰ আগতেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে এই লক্ষৰে পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে মেচাৰ্চ অনিল শৈলজা (জে ভি ) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মূল কাণ্ডাৰী তথা দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰি লোকনির্মাণ বিভাগত এক বিৰল ইতিহাসৰ সৃষ্টি কৰা ঠিকাদাৰ অনিল দাসে। ইতিমধ্যে ঠিকাদাৰ গৰাকীয়ে প্ৰায় ৫০০ জন শ্ৰমিকৰ জৰিয়তে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, পলাশবাৰীৰ পৰা মিৰ্জা হৈ চানডুবি সংযোগী পথৰ মুদকীলৈ নিৰ্মাণ কৰি থকা পথছোৱাৰ যিবিলাক স্থানত পদপথ সহিতে পানী পৰিবাহী নলা থাকিব তাত বহল হব ১৫ মিটাৰ। তেনেদৰে নলা – পদপথ নথকা স্থানত বহল হব ১৪ মিটাৰ। তদুপৰি মিৰ্জা ৰেল ষ্টেচনৰ সমীপত থকা ৰেলৱে ক্ৰছিংটোত অনাগত দিনত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবেও ব্যৱস্থা ৰখা হৈছে। যত উৰণীয়া সেঁতুসহ পথৰ দৈৰ্ঘ্য হব প্ৰায় ১.৩ কিঃমিঃ। পথচোৱাৰ নিৰ্মাণকার্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত। কিয়নো দুই লেনযুক্ত পথচোৱাৰে যান বাহনৰ চলাচল আৰম্ভ হলে স্বাভাৱিকতে যথেষ্ট সময় ৰাহি হব। একেদৰে প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত চানডুবিৰ পৰা মাত্ৰ ছয় কিঃমিঃ নিলগৰ মুদকীলৈ পথচোৱা নিৰ্মাণ হৈ উঠিলে চানডুবিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰখনেও নতুন ৰূপ পোৱাটো নিশ্চিত। আনকি সামান্য নিলগত থকা মেঘালয় সীমান্তকে ধৰি পলাশবাৰীৰ পৰা মুদকীলৈ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২২ খনৰো অধিক গাঁও প্রত্যক্ষভাবে লাভবান হব। ইফালে মুদকীৰ পৰা চানডুবিৰ পৰ্যটন ক্ষেত্ৰলৈ প্ৰায় ৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে শাল, চেগুনকে ধৰি বহু মূল্যবান গছ গছনি থকা বাবে পৰৱৰ্তী সময়ত বন বিভাগৰ পৰা সেউজ সংকেত লাভ কৰিলে বা অনুমতি পালে সেই অংশখিনিৰো নিৰ্মাণ কার্য আৰম্ভ কৰা হব।