নিউজ ডেস্কঃ ৰাজ্যত ক’ৰোনা পৰিস্থিতি ক্রমাৎ অধিক জটিল হ’বলৈ গৈ আছে৷ অহা তিনি মাহলৈ অসমত ক’ৰোনা পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিব৷ ৰাজ্যত এতিয়াই আই চি ইউ, অক্সিজেন আদিৰ নাটনি আৰম্ভ হৈছে৷ ডিচেম্বৰলৈ এই পৰিস্থিতি অব্যাহত থাকিলে মৃতকৰ সংখ্যা বহু বৃদ্ধি পাব৷ আনহাতে অসমত এতিয়া অন্য ৰোগৰ চিকিৎসা কৰিবলৈ অহা লোকো ক’ৰোনাত আক্রান্ত হোৱাত চিকিৎসালয়সমূহৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷
ৰাজ্যত ক’ৰোনাসৃষ্ট এই ভয়াৱহ পৰিস্থিতিৰ কথা খোদ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে৷ উল্লেখযোগ্য যে অসমত এইপর্যন্ত ১.৩০ লাখ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ এই লোকসকল ক’ৰোনাত আক্রান্ত হ’বলৈ প্রায় ছমাহৰ প্রয়োজন হৈছে৷ কিন্তু চলিত মাহত দৈনিক গড়ে ২৫০০ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সেই হিচাপত এই মাহটোত অসমৰ মুঠ ৭৫ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হ’ব৷ ইফালে অসমত আজি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ৪ শতকৰ ঘৰ স্পর্শ কৰে৷
স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে যে অহা অক্টোবৰ মাহত পূজাৰ বতৰ আৰম্ভ হ’ব৷ সেই পৰিৱেশত ৰাজ্যত অধিক লোক আক্রান্ত হ’ব৷ তেওঁ অক্টোবৰ মাহত ৰাজ্যত দৈনিক গড়ে ৩ হাজাৰকৈ লোক আৰু নৱেম্বৰ মাহত দৈনিক গড়ে ৩৫০০ লোক কৰ’নাত আক্রান্ত হোৱাৰ আশংকা থকা বুলি সদৰী কৰে৷ গতিকে এই মাহত আক্রান্ত হোৱা লোকৰ সংখ্যা ৭৫ হাজাৰ হ’লেও অহা দুমাহত আৰু অধিক লোক ক’ৰোনাত আক্রান্ত হ’ব৷ তেওঁ এইবাৰ দুর্গা পূজা অনুষ্টুপীয়াকৈ পালন কৰিবলৈ সকলোকে আহবান জনায়৷