ক’ৰোনা , ক’ৰোনা
চিটিবাছত ক’ৰোনা , বাট-হাটত ক’ৰোনা ৷ এসময়ত সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰা ক’ৰোনাই ইয়াৰ প্ৰতিষেধক নোলোৱাৰ আগতেই জনজীৱনত ক’ৰবাতে হেৰাই থাকিল ৷হেৰাই গ’ল ক’ৰোনাৰ ভয়াৱহতা ৷ ক’ৰোনাৰ ভয়ত ঘৰৰ ভিতৰত থকা সকলো মানুহেও পাহৰি গ’ল মাক্স পৰিধান কৰিবলৈ ৷ এনে লাগিছে ক’ৰোনা এক বজাৰ ভাও ৷ কেতিয়াবা ক’ৰোনাৰ দাম বাঢ়িব , কেতিয়াবা ক’ৰোনাৰ দাম কমিব ৷ দাম বাঢ়িলে ক’ৰোনাৰ চাহিদা বাঢ়িব , দাম কমিলে চাহিদা কমিব ৷ যেন ক’ৰোনা এক ৰাজনৈতিক বিজ্ঞাপন ৷
ৰাজ্যত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে ৷ নিৰ্বাচনৰ প্ৰচাৰৰ লগে লগে ক’ৰোনা অসমত নাইকিয়া হ’ল ৷ সামাজিক ব্যৱধানতাত জৰিমনা, মাক্স নিপিন্ধিলে জৰিমনাৰ কথা কোৱা চৰকাৰৰ জনমেলত নাই ক’ৰোনা , শোভাযাত্ৰাত নাই ক’ৰোনা ৷ মাক্স, চেনিটাইজাৰ ব্যৱহাৰৰ ভাষণ দিয়া নেতা-পালি নেতাৰ বাবে অতীত হ’ল ক’ৰোনা ৷ ক’ৰোনাৰ সজাগতাক লৈ কৰা সংবাদমেল আজি পাহৰণি, আজি অতীত ৷ পৰিষ্কাৰভাৱে মচি পেলালে ক’ৰোনাক ৰাজ্যৰ পৰা, আমাৰ জনজীৱনৰ পৰা ৷ বিদায় ক’ৰোনা বিদায়, আকৌ কেতিয়াবা লগ পাম নতুন ৰূপত, হয়তো অনাহূত অতিথি হিচাপে৷