নিউজ ডেস্কঃ শনিবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হৈছে ক’ৰোনা ভেকচিনৰ পৰীক্ষামূলক প্ৰদান।
জিলাখনৰ তিনিটা কেন্দ্ৰ বাচনি কৰি শনিবাৰৰ পৰা প্ৰতিটো কেন্দ্ৰত ২৫জনকৈ পঞ্জীয়নকৃত লোকক ক’ৰোনাৰ ভেকচিন প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোণাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰদান কৰা হয়।
প্ৰণিধানযোগ্য যে, অসমৰ লগতে সমগ্ৰ দেশতে পৰীক্ষামূলকভাৱে ক’ৰোনাৰ পৰীক্ষামূলক ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
এই প্ৰক্ৰিয়াৰ জৰিয়তে কিদৰে ভেকচিন প্ৰদান কৰা হ’ব, বা প্ৰদান কৰা সময়ত লবলগীয়া সাৱধানতা আদি তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব।
ইতিমধ্যে এই দিশত অত্যন্ত সাৱধানেৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।