অসমত শেহতীয়াকৈ ৫২জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ ২১৮০৫৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ যোৱা মঙলবাৰে মুঠ ২৭ জন লোকে আৰোগ্য লাভ কৰাৰ জৰিয়তে মুঠ ২১৫২৬২ জন লোকে আৰোগ্য লাভ কৰিছে৷ আনহাতে সেই দিনটোতেই এজন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে এতিয়ালৈ ১১০২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে৷ চিকিৎসাধীন হৈ আছে ৩৪৭ জন ৰোগী৷