নিউজ ডেস্কঃ ৰাজ্যত ক’ৰোনা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১৬ জানুৱাৰীৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷
প্ৰথম পৰ্যায়ত ২.৯ লাখ লোকক অন্তৰ্ভুক্ত কৰা হৈছে এই কাৰ্যসূচীত ৷
ডাক্টৰ,নাৰ্চ আৰু ক’ৰোনা যুদ্ধত প্ৰত্যক্ষভাৱে জড়িত যোদ্ধা সকলৰ ১.৯ লাখ লোকক প্ৰথমে প্ৰদান কৰিব এই ভেকচিন ৷
‘কৱিন’ পৰ্টেলৰ দ্বাৰা এই সমগ্ৰ ব্যৱস্থাটো পৰ্যবেক্ষণ কৰিব চৰকাৰে ৷
এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৮,৬৫১ গৰাকী নাৰ্চক প্ৰশিক্ষণ দিয়া হৈছে আৰু ১৩০০ ডাক্টৰক পৰ্যবেক্ষণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷
অসমৰ ৩৩ খন জিলাত মুঠ ৬৫ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে ৷
৭ খন মেডিকেল কলেজ, আৰু ২৪ খন জিলা হাস্পতাল অন্তৰ্ভুক্ত কৰা হৈছে এই কেন্দ্ৰত ৷
পুৱা ৯.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্স যোগে উদ্বোধন কৰিব এই অনুষ্ঠান ৷
অনুষ্ঠানত পোনপটীয়াকৈ সংযুক্ত হৈ থাকিব গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, নগাঁও চিভিল হাস্পতাল আৰু তেজপুৰ মেডিকেল কলেজ ৷
২ লাখ ২১ হাজাৰ ৫০০ ড’জ প্ৰতিষেধক প্ৰদান কৰিব প্ৰথম পৰ্যায়ত ৷
প্ৰত্যেকেই দুটাকৈ প্ৰতিষেধক ল’ব লাগিব ৷
প্ৰথমটো প্ৰতিষেধক লোৱাৰ ২৮ দিনৰ পিছত ল’ব লাগিব দ্বিতীয়টো প্ৰতিষেধক ৷
দ্বিতীয়টো প্ৰতিষেধক লোৱাৰ পিছত ১৪ দিন অপেক্ষা কৰিব লাগিব ৷
প্ৰতিষেধক লোৱাৰ ৪৫ দিনৰ পিছতহে ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হ’ব শৰীৰত ৷
প্ৰতিষেধক লবলৈ প্ৰথম ১২ গৰাকী চিকিৎসকক কৰ্মীক ইতিমধ্যে নিৰ্বাচন কৰিছে ৰাজ্য চৰকাৰে ৷
‘কভেকচিন’ আৰু ‘ক’ভিশ্বিল্ড’ দুয়োটা প্ৰতিষেধক পৃথক পৃথককৈ প্ৰদান কৰা হ’ব লোকসকলক ৷
মহামাৰীৰ সময়ত প্ৰত্যক্ষভাৱে জড়িত যোদ্ধাসকলক প্ৰদান কৰিব প্ৰথম পালি প্ৰতিষেধক ৷
ৰাজনৈতিক নেতা তথা প্ৰতিনিধি সকলে এই সুবিধা পলমকৈ লাভ কৰিব ৷
প্ৰতিষেধক লোৱাৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰতিক্ৰিয়া দেখা দিয়াৰ সম্ভাৱনা আছে ৷
যিহেতু চিকিৎসকসকল এই ক্ষেত্ৰত অভিজ্ঞ সেয়েহে তেওঁলোকক প্ৰথমে প্ৰদান কৰিব ৷
এদিনত ১০০ জনকৈ লোকক সামৰি সপ্তাহত ৪ দিন প্ৰতিষেধক প্ৰদান কৰিব ৷
এই ক্ষেত্ৰত প্ৰতিষেধক প্ৰদানৰ বাবে ৮ সপ্তাহ ধাৰ্য্য কৰিছে ৰাজ্য চৰকাৰে ৷
প্ৰতিষেধকসমূহ সুৰক্ষিত অৱস্থাত ৰাখিবলৈ চৰকাৰে গুৱাহাটী, গোৱালপাৰা , ডিব্ৰুগড়, তেজপুৰ, আৰু শিলচৰত ক’ল্ড চেইন পইণ্টৰ ব্যৱস্থা কৰিছে ৷
অতি সাৱধানতাৰে এই প্ৰতিষেধক প্ৰদান কৰিব লাগিব, ৪ ঘণ্টা সময়ৰ বাবেহে প্ৰতিষেধকবোৰ সক্ৰিয় হৈ থাকিব ৷
ভাৰত চৰকাৰে ৩ লাখ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰিব ৷
১৮ বছৰৰ তলৰ কিশোৰ আৰু গৰ্ভৱতী মহিলাই ল’ব নোৱাৰিব প্ৰতিষেধক ৷
অৱশ্যে প্ৰতিষেধক ল’বলৈ অহা ব্যক্তিগৰাকীৰ সন্মতি লৈহে প্ৰতিষেধক প্ৰদান কৰা হব ৷
কভেকচিন ল’বলৈ দিব লাগিব লিখিত সন্মতি আৰু কভিশ্বিল্ডৰ বাবে মৌখিক সন্মতি দিলেই হ’ব ৷
প্ৰতিষেধক প্ৰদানৰ সমান্তৰলকৈ ৰাজ্যত কভিড টেষ্টসমূহ চলি থাকিব ৷
কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা বৰ্তমান স্থগিত ৰাখিছে চৰকাৰে ৷
photo: google