দুলীয়াজানৰ আছুৰ প্ৰতিনিধি সভাত কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেইসমূহ হ’ল-
এতিয়াৰে পৰা কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল তিনি বছৰ হ’ব৷ পূৰ্বে কেন্দ্ৰীয় কমিটীৰ কাৰ্যকাল আছিল পাঁচ বছৰ৷ এতিয়াৰে পৰা তিনি বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন সম্পূৰ্ণ কৰিব লাগিব৷ তিনিবছৰ তিনি মাহ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত সেই কাৰ্যনিৰ্বাহ কমিটীখন নিজে নিজে ভংগ হ’ব ৷ কমিটী ভংগ হৈ যোৱাৰ পিছত কমিটীখনৰ উপ সভাপতি, সহকাৰী সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ৷
ঠিক একেদৰে জিলা অধিৱেশন প্ৰতি তিনি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব ৷
কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আছু কৰ্মীয়ে ৪০ বছৰলৈকেহে ছাত্ৰ সন্থাত থাকিব পাৰিব ৷ কোনো আছু কৰ্মীৰ ৪২ বছৰ হ’লে অৱসৰ লোৱাটো বাধ্যতামূলক হ’ব৷
বিবাহপাশত আৱদ্ধ হ’লে আছুৰ সদস্য পদ নাইকিয়া হ’ব ৷
কেন্দ্ৰীয়কমিটীৰ বিষয়ববীয়া হ’বলৈ সদস্যৰ ন্যূনতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব ৷
ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব আছুত ৷ যুৱ প্ৰজন্মই ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ’ব আৰু কম বয়সতে সংগঠনটোক নেতৃত্ব দিব পাৰিব ৷ লগতে ছাত্ৰ সন্থাত উপদেষ্টা আৰু মুখ্য উপদেষ্টা পদত থাকিব পাৰিব কম বয়সীয়া আছু কৰ্মী ৷ কিন্ত পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদত মনোনীত হ’বলৈ ৪০ পৰা ৪২ বছৰ হ’ব লাগিব ৷
এইবাৰৰ অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ পৰৱৰ্তী অধিৱেশনত প্ৰযোজ্য হ’ব৷
লগতে এই প্ৰতিনিধি সভাখনতে অৱসৰৰ সম্পৰ্কত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই এই বুলি কয় যে অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে যি মৰম,আদৰ, আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিলে সেয়া মোৰ কামৰ এক উপলব্ধি বুলি মই হৃদয়ত জীপাল কৰি ৰাখিম ৷ প্ৰতিনিধিসকলৰ যি মত সেই মতক মই সন্মান আৰু শ্ৰদ্ধা জনাই মই মোৰ বিবেকৰ লগত কথা পাতিবলৈ সময়ৰ প্ৰয়োজন৷ সেয়ে মই নিজৰ বিবেকৰ লগত কথা পাতিবলৈ অনুমতি লৈছো প্ৰতিনিধিসকলৰ পৰা ৷