গুৱাহাটী – আজিৰ পৰা অধিক কঠোৰ হ’ব কামৰূপ মহানগৰ জিলা প্ৰশাসন। ৰাজ্যত কাৰ্ফিউ চলি থকা সময়ত বাহিৰলৈ ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী। বিশেষকৈ গুৱাহাটীত অধিক কঠোৰ হ’ব আৰক্ষী। সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ হ’ব জিলা প্ৰশাসন।কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷
সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব যাৱতীয় শাস্তি বিহা হ’ব৷ খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও আইন ভঙ্গৰ অপৰাধত শাস্তিৰ সমূখীন হ’ব লাগিব।
উল্লেখ্য যে গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ গুৱাহাটীৰ ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগ শংকিত হৈ পৰিছে।