আৰক্ষীৰ পেট্ৰ’লিং গাড়ীত ছিগনেল মাৰি বিপদত পৰিল ২ কুখ্যাত ডকাইত।
কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ জালত জয়নুল হক আৰু আবিদুৰ ৰহমান নামৰ দুই ডকাইত ।
নিশা মহিলাৰ ৰূপ ধাৰণ কৰি অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল দুয়ো ।
পাথাৰকান্দিৰ উত্তৰ ৰে’ল গেট এলেকাৰ পৰা পাথাৰকান্দি আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে।
নৱবৰ্ষৰ প্ৰথম দিনটোতে দুই চোৰৰ লটিঘটি । ছিগনেল মাৰিলে ভুল গাড়ীত।
পাথাৰকান্দি চহৰৰ উত্তৰ ৰে’ল গেট এলেকাত আৰক্ষীৰ গাড়ীত ছিগনেল মাৰি বিপদত পৰিল মহিলাবেশী ২ ডকাইত।
দৰাচলতে নৱবৰ্ষৰ নিশা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত পাথাৰকান্দি আৰক্ষীৰ এটা দল মাজনিশা ওলাইছিল পেট্ৰ’লিং কৰিবলৈ।
আৰু তাতে লাগিল লেঠা । আৰক্ষীৰ গাড়ীত সহায় বিচাৰি মাৰিছিল ছিগনেল ।
পিছে আৰক্ষীৰ লোকে সহায় কৰিবলৈ গাড়ী ৰখাই সোধা-পোছা কৰাত জোলোঙাৰ পৰা ওলাই আহিল মেকুৰী ।
আৰক্ষী আৰু ডকাইত দলৰ মাজত লাগিল মাৰপিট ।
কম্বল পৰিধান কৰা নাৰীৰ ৰূপ ধাৰণ কৰা জয়নুল হকে এটা সময়ত আৰক্ষীৰ ওপৰত ডেগাৰ মাৰিবলৈ লওতে আৰক্ষীৰ লোকে কৌশলেৰে কৰায়ত্ত কৰিলে এই দুজন ডকাইতক ।
Photo: Headline8