নিউজ ডেস্কঃ বিয়াৰ মাত্ৰ দুমাহ পিছতে স্বামীগৃহত ৰহস্যজনক ভাৱে উদ্ধাৰ হোৱা তৃষ্ণামণি ডেকা নামৰ মঙলদৈৰ তামুলীপাৰাৰ বোৱাৰীগৰাকীৰ মৃত্যু ৰহস্যক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে, যোৱা দেওবাৰে মঙলদৈৰ দিঘিৰপাৰ বৰসত্ৰৰ তামুলীপাৰা গাঁৱৰ গৌতম বৈশ্যৰ ঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল নৱ বিবাহিতা বোৱাৰীগৰাকীৰ মৃতদেহ। তাৰ পিছতে স্থানীয় ৰাইজে স্বামী গৌতম বৈশ্য আৰু পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
ইফালে সোমবাৰে তৃষ্ণামণিৰ মৃতদেহ আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ঘৰলৈ উভতাই অনাৰ পিছতে ক্ষুব্ধ ৰাইজে স্বামীগৃহ লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে গৌতম বৈশ্যৰ তিনিটাকৈ বাসগৃহ। স্থানীয় ৰাইজে তৃষ্ণামণিৰ মৃতদেহ গৌতম বৈশ্যৰ ঘৰৰ চোতালতে সৎকাৰ কৰে। আনহাতে পৰিস্থিতি অধিক উত্তপ্ত হোৱাত অৱশেষত ঘটনাস্থলীত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞাসহ আৰক্ষীৰ বৃহৎ দল, অৰ্ধ–সামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
অভিযোগ অনুসৰি, তৃষ্ণামণি ডেকাৰ স্বামী গৌতম বৈশ্যৰ আন এগৰাকী মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছিল। এই কথা জানিব পৰাৰ পিছতে তৃষ্ণামণিয়ে বিবাহৰ দুমাহ সম্পূৰ্ণ নৌহওঁতেই আনকি দুবাৰকৈ মাতৃগৃহলৈও গুছি গৈছিল। কিন্তু অৱশেষত এই গৌতম বৈশ্যই নিজৰ গোপন সম্পৰ্ক ঢাকিবলৈকে পৰিয়ালৰ সহযোগত তৃষ্ণামণিক হত্যা কৰে।
আনফালে তৃষ্ণামণি ডেকাৰ মৃত্যুৰ পিছতে উদ্ধাৰ হোৱা এখন চুইছাইড নোটত উল্লেখ থকা কৈকাৰাৰ গাওঁবুঢ়া বিচিত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো পলাতক হৈ আছে স্বামী গৌতম বৈশ্য, শহুৰ খীতেশ্বৰ বৈশ্য আৰু শাহু দৈবকী বৈশ্য।