নিউজ ডেস্কঃ হাউলীৰ সমীপৱৰ্তী হালপাকুৰী অঞ্চলৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ বেংগালুৰুত উদ্ধাৰক লৈ আজি হাউলী অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি হয়।।আজিৰ পৰা ৩ দিন আগতে জেচমিনৰা আখতাৰা নামৰ ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে বিএছচি নাৰ্চিং পঢ়িবলৈ বাংগালুৰুৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰি থৈ আহিছিল। হঠাৎ আজি ৩ দিন পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰী গৰাকীৰ শৰীৰত আঘাতৰ চীন স্পষ্ট বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।ইতিমধ্যে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোক বাংগালুৰুলৈ ৰাওনা হৈছে ৷