গুৱাহাটীঃ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে স্বাস্থ্য বিভাগ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ উলুবাৰীত থকা ৰামকৃষ্ণ মিছন পথৰ ড০ বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান মুকলি কৰি গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে এতিয়াৰে পৰা স্বাস্থ্য বিভাগৰ লগতে মৃত ব্যক্তিৰ পৰিয়ালসকলেও অন্ত্যেষ্টিক্ৰিয়াজনিত সমস্যাৰ সন্মুখীন হ’ব নালাগে৷
গুৱাহাটীৰ একমাত্ৰ বৈদ্যুতিক শ্মশানখনৰ নিমাৰ্ণত ৫ কোটি ৯ লাখ টকা ব্যয় হৈছে৷
উল্লেখ্য,উলুবাৰী শ্মশান সমিতিৰ মুখ্য উপদেষ্টা বিৰাজ চক্রৱর্তীৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া উমানন্দ দলে, জি এম চিৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সঞ্জীৱ ডেকা উপস্থিত থাকে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট