নিউজ ডেস্কঃ অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই।
বিধানসভাৰ অধ্যক্ষই প্ৰত্যাহাৰ কৰিলে এই মৰ্যাদা ৷
উল্লেখ্য, কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই হেৰুৱালে এই মৰ্যাদা শইকীয়াই।
এইক্ষেত্ৰত অসম বিধানসভাই ইতিমধ্যে প্ৰকাশ কৰিছে আনুষ্ঠানিক জাননী।
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰকাশ কৰিছে অসম বিধানসভাৰ সচিব এ এন ডেকাই।
২৬ খন আসন কংগ্ৰেছে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰাজদ্বীপ গোৱালা আৰু অজন্তা নেওগৰ লগতে আন কেইগৰাকী বিধায়কে বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।