নিউজ ডেস্কঃ অসমৰ মাংসৰ বজাৰখনত এক বিশেষ মাংসৰ বজাৰ গঢ় লৈ উঠিছে ৷
উল্লেখযোগ্য যে চীন ,ম্যানমাৰ অথবা ভিয়েটনামৰ দৰে অসমতো এই মাংসবিধৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷
এই বিশেষ মাংস বিধ হ’ল এন্দুৰৰ মাংস ৷
উল্লেখ্য, বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ দেওবৰীয়া বজাৰত মাঘ বিহুৰ বাবে এন্দুৰ মাংসৰ চাহিদা বৃদ্ধি পাইছে ।
কুমাৰীকাটাৰ দেওবৰীয়া বজাৰত এই বিশেষ মাংসবিধৰ দাম প্ৰতি কিলো গ্ৰামত ২০০ টকা ৷