পৰীক্ষাত অৱতীৰ্ণ নহ’লেও প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব পৰৱৰ্তী শ্ৰেণীলৈ ৷
আগন্তুক শিক্ষা বৰ্ষৰ ক্ষেত্ৰত শিক্ষা বিভাগে জাননী কৰিছে এই নিৰ্দেশনা ৷
ক’ভিড সৃষ্ট পৰিবেশৰ বাবে চলিত শিক্ষাবৰ্ষত নিয়মিত পাঠদানত ব্যাঘাত জন্মাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষাবিভাগে ৷
বাৰ্ষিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় বুলিও উল্লেখ কৰিছে নিৰ্দেশনাত ৷
চলিত মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা সম্পন্ন কৰিবলৈও নিৰ্দেশ দিছে শিক্ষানুস্থানসমূহক ৷d
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আগন্তুক শিক্ষাবৰ্ষ ৷
photo: google