চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত লগা বন জুইয়ে ক্ৰমে ভয়াৱহ ৰূপ লোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই জুয়ে বৰ্তমান জিলাখনৰ সীমান্তৱৰ্তী চিংলু পাহাৰলৈ বিয়পি পৰাত গ্ৰামাঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ৷
উল্লেখ্য যে, বিগত ৫দিন ধৰি দাওদাওকৈ জ্বলা জুয়ে কেইবা হেক্টৰ অঞ্চল আবৰি ধৰাৰ লগতে জুই নিৰ্বাপন বা নিয়ন্ত্ৰণ কৰাটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷ নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ ভূমি দখল কৰাৰ উদ্দেশ্য এই অগ্নি সংযোগ কৰা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে৷
বৃহস্পতিবাৰে বিয়লি ঘটনাস্থলীত সোণাৰি সমষ্টিৰ বিধায়ক উপস্থিত হৈ চিংল’পথাৰ গাঁওবাসীৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰাৰ সমান্তৰাল ভাৱে বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰে যোগাযোগ কৰি শীঘ্ৰে অগ্নি নিৰ্বাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷