নিউজ ডেস্কঃ স্বৰ্ণ কন্যা হিচাপে খ্যাত হিমা দাস নামেই যাৰ পৰিচয় ৷
প্ৰথম মাহতে ধিং এক্সপ্ৰেছ হিমা দাসে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিলে, বাকী আছে আনুষ্ঠানিক ঘোষণাৰ ।
ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাস নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰীৰ গাঁৱৰ জীয়ৰী ৷
উল্লেখ্য, টকিঅ’ অলিম্পিক ২০২০-ত অনুষ্ঠিত হোৱা কথা আছিল যদিও ক’ৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল ৷
ক’ৰোনা মহামাৰী সংক্ৰমণ কিছু হ্ৰাস হোৱাত টকিঅ’ অলিম্পিক ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷