নিউজ ডেস্কঃ নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিশ্বাসঘাটক দল হিচাপে পৰিগণিত হ’ব৷ তেজপুৰত এই বিস্ফোৰক কৃষক মুক্তি বাহিনীৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ৷ কিন্তু কিয় নতুন আঞ্চলিক দলক লৈ এই মন্তব্য কৰিলে ধৈৰ্য্য কোঁৱৰে?
বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ক উৎখাতৰ সংকল্প লৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ গঠিত হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ যেন এতিয়া কঠিন হৈ পৰিছে৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত নহলে বিশ্বাসঘাতক দললৈ পৰিণত হব৷ তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ শোণিতপুৰ জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান কাৰ্যসুচীৰ আলেখলেখ চাবলৈ আহি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে এই মন্তব্য কৰে৷ একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’লে ২০২১ ত চৰকাৰ গঠন কৰিব বুলি অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি কৰি দিলে সৰ্বা হিমন্তৰ সান্দহ খোৱা বালি তল পৰিব বুলিও দাবী কৰিলে কৃষক নেতা গৰাকীয়ে৷
ইফালে ৰাইজৰ এই সভাৰ পৰাও সকলো আঞ্চলিক দলৰ একত্ৰীকৰণৰ দাবী উত্থাপন কৰিলে দলটোৰ বহুকেইজন ৰাজ্যিক আহ্বায়কে৷ বিজেপি এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলক সমালোচনা কৰি ধৰ্মৰ নামত কাকো ৰাজনীতি কৰিবলৈ দিয়া নহব বুলিও স্পষ্ট কৰি দিয়ে৷ অগপকো সমালোচনা কৰে এইসকল ৰাইজৰ দলৰ প্ৰতিনিধিয়ে৷