নিউজ ডেস্কঃ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ জামাদাৰহাট চিৰাকুটি অঞ্চল। যোৱা নিশা জামাদাৰহাটৰ মাথাকাটা কান্দাপাৰা গাঁৱত সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড। গাঁওখনৰ শ্বাহজাহান আলী ( 55 ) নামৰ লোকজনক নিশাৰ অন্ধকাৰত হত্যা কৰে দূৰ্বৃত্তই। কোনোবা অচিনাকী দূৰ্বৃত্তই হত্যা কৰে লোকজনক। পথাৰৰ মাজত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ স্পষ্ট চিন লোকজনৰ মৃতদেহত । ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে লোকজনৰ মৃতদেহ। পৰিয়ালৰ লোকৰ বিৱৰণী মতে লোকজনে কালি সন্ধিয়া ঘৰৰপৰা স্থানীয় বজাৰলৈ গৈছিল তাৰ পিছত নিশা ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক। ৰাতিপুৱা স্থানীয় লোকে পথাৰৰ মাজত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে । লোকজনৰ হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছলৈ ঘটনাস্থলীত উপস্থিত হয় ফকিৰগঞ্জ আৰক্ষী। আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। বৰ্তমানলৈকে পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। তদন্তৰ খাতিৰত মুখ খোলা নাই আৰক্ষীয়ে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ তথা হত্যা-হিংসা। এনে অৱস্থাত অঞ্চলটোত অধিক কটকটীয়া ব্যৱস্থাৰ প্ৰয়োজন হৈছে প্ৰশাসনৰ। অতি শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তীৰ দাবী জনাইছে স্থানীয় ৰাইজে ।