নিউজ ডেস্কঃ পাঠশালাৰ এগৰাকী ব্যতিক্ৰমী যুৱক৷ নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যৰে খনীন ৰয় নামৰ যুৱকগৰাকীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ খোজ কাঢ়িছে অবিৰতভাৱে৷ সম্প্ৰতি ধুবুৰীৰপৰা খোজ কাঢ়ি আহি পাইছে পাঠশালা৷ আজি যুৱকজন নিশাটো নলবাৰীত কটাব৷ খনীন ৰয়ে দুবছৰ পূৰ্বে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ নদীও সাঁতুৰি পাৰ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷
তেওঁৰ এনে যাত্ৰাত তেওঁৰ স্কুলীয়া দিনৰ বন্ধুয়েও কিছু পৰিমাণে লগ কৰি দিছে৷ আজি যুৱকজনক পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ যাত্ৰা পথৰ সমস্ত খৰচ নিজেই বহন কৰিছে যুৱকজনে৷ ব্যতিক্ৰমী কাম কৰি ভালপোৱা যুৱকজনে যোগৰ এগৰাকী প্ৰশিক্ষক৷