নিউজ ডেস্কঃ আছু ত্যাগ কৰিলে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা লিখন বৰুৱাই।
১৬ বছৰীয়া আছুৰ জীৱনকাল এৰিলে ছাত্ৰনেতাগৰাকীয়ে।
এটি অবিৰত যাত্ৰা অন্তত আজি আছু পৰা আনুষ্ঠানিক ভাৱে অব্যাহতি ল’লে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান উপদেষ্টা লিখন বৰুৱাই ।
বিগত ষোল্ল বছৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সেৱা আগবঢ়াই অহা নেতা গৰাকীয়ে আজি আনুষ্ঠানিকভাৱে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ পদত্যাগ পত্ৰ প্ৰদান কৰে ।