ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰঞ্জিত তামুলীক নিলম্বন ।
বৃহস্পতিবাৰে ৰঞ্জিত তামুলীক নিলম্বন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ।
Governor suspends Dibrugarh University VC Prof. Ranjit Tamuli and handover charge temporarily to Prof. R.N.S Yadav. pic.twitter.com/e5zM4kx34r
— Prof.Jagdish Mukhi (@jagdishmukhi) February 11, 2021
বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ বাবে নিলম্বন কৰা হৈছে উপাচাৰ্যগৰাকীক ।
ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত কমিটি গঠনৰ নিৰ্দেশ দিছে ৰাজ্যপালে ।
যোৱা ৫ বছৰৰ বিত্তীয় লেনদেনৰ তথ্য নিৰীক্ষণ কৰিব এই উচ্চস্তৰীয় কমিটিয়ে ।
অস্থায়ীভাৱে উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰফেচাৰ আৰ এন এচ যাদৱক ।