নিউজ ডেস্কঃ অসমৰ ভাৰত-বাংলাদেশ সীমান্তত ২০০ মিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগ পথ আছে বুলি ভুৱা প্ৰচাৰ চলাইছিল একাংশ সংবাদ মাধ্যমে ৷
কিন্তু কিয়?
কেৱল শিৰোনাম দখলৰ বাবেই নেকি হিউমপাইপক দীঘলীয়া সুৰংগ পথ বুলি প্ৰচাৰ চলোৱা হৈছিল একাংশ সংবাদমাধ্যমত। কিন্তু এই ঘটনাৰ প্ৰকৃত ৰহস্য কি আহক জানো…
দৰাচলতে এই এলেকাটো হৈছে কৰিমগঞ্জ জিলাৰ বালিয়া বিঅপিৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত।
সীমান্তৰ সৰ্বত্ৰে দিয়া আছে কাঁইটিয়া তাঁৰৰ বেৰ। বেৰৰ কাষতে আছে সীমা সুৰক্ষা বাহিনীৰ চলাচল কৰাৰ পথ আৰু ইয়াৰ সমীপতে আছে টিলা ভূমি।
কাঁইটীয়া তাঁৰৰ বেৰ আৰু বৰ্ডাৰৰ পথ নিৰ্মাণ কৰিছিলে NBCC কোম্পানীয়ে।
কিন্তু নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে বাৰিষাৰ কালত পানী নামি অহাৰ বাবে পথৰ মাজতে নিৰ্মাণ কৰিছিল কেইবাটাও স্থানত কালভাৰ্ট।
সমীপতে থকা দলং খনৰ তলটো হিউম পাইপৰ ব্যৱহাৰ কৰা হৈছে।
কিন্তু ইয়াৰ ভিতৰৰ ফালে লোহাৰ বেৰ দি ৰখা হৈছে যদিও হিউম পাইপেৰে অবৈধভাৱে অহা-যোৱাৰ কৰাৰ কথা নিশ্চিতকৈ প্ৰকাশ কৰিব নোৱাৰি ৷
উল্লেখ্য যে,
কিছুদিন পূৰ্বে কৰিমগঞ্জৰ নিলাম বজাৰ থানা এলেকাৰ নয়াগ্ৰামৰ দিলোৱাৰ হুছেইন নামৰ এজন যুৱকক বিগত বৰ্ষৰ ২৭ ডিচেম্বৰত দুৰ্বৃত্তই অপহৰণ কৰি বাংলাদেশলৈ লৈ গৈছিল ৷
তাৰ পিছত যুৱকৰ পৰিয়াললৈ আহিছিল ৫ লাখ টকা মুক্তিপণ দাবী কৰাৰ ফোনকল ৷
আৰক্ষীৰ তদন্তৰ ভিত্তিত অপহৃত যুৱকৰ পৰিয়ালটো নিশ্চিত হ’ল যে সেই ফোনটো আহিছিল বাংলাদেশৰ পৰা ৷
পিছত যুৱকজন বাংলাদেশী অপহৰণকাৰীৰ কৱলৰ পৰা হাত সাৰি ভাৰতলৈ উভতি আহিছিল বুলি আৰক্ষীক জানিবলৈ দিছিল।
তাৰ পিছতে কৰিমগঞ্জ আৰক্ষীয়ে যুৱকজনৰ অভিযোগৰ ভিত্তিত সেই স্থান পৰিদৰ্শন কৰি আৱিষ্কাৰ কৰিছিল এই কালভাৰ্টৰ।
আৰু এই কালভাৰ্টটোৰ ভিতৰেৰে অপহৃতক লৈ যোৱাৰ ঘটনাটো চাঞ্চল্যকৰ কৰি তোলাৰ বাবে কালভাৰ্টোকে সুৰংগ বুলি প্ৰচাৰ চলোৱা হৈছিল।
কিন্তু কালভাৰ্টটোৰ উচ্চতা আছিল এক মিটাৰ।
এটা সময়ত এই বিষয়টো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পিছতে সুৰক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
যাৰবাবে সীমান্ত এলাকাৰ এই স্থান পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈছিল বিএছএফৰ ডিআইজি, অসম আৰক্ষীৰ দক্ষিণ প্ৰান্তৰ ডিআইজি, জিলা উপায়ক্তসহ আৰক্ষী অধীক্ষক।
অসম আৰক্ষীৰ দক্ষিণ প্ৰান্তৰ ডিআইজি দিলীপ দে’ই কৈছিল যে, এয়া আচলতে সুৰংগ নহয়, এয়া হৈছে পানী যোৱাৰ বাবে হিউমপাইপেৰে নিৰ্মাণ কৰা কালভাৰ্ট।
সেই সৰু কালভাৰ্টেৰে চোৰাংকৈ গৰুৰ সৰবৰাহ কৰা সম্ভৱ নহয়।
কাঁইটিয়া তাঁৰৰ বেৰৰ বাহিৰৰ দুশ মিটাৰ এলেকা ভাৰতৰ ভূ-খণ্ড আছে।
গতিকে কালভাৰ্টটো বাংলাদেশৰ সৈতে সম্পৰ্ক থকাৰ প্ৰশ্নই নুঠে।
ইয়াৰোপৰি প্ৰতিটো কালভাৰ্টত তাঁৰ লগোৱা আছে বুলি ডিআইজি গৰাকীয়ে দাবী কৰে।
কালভাৰ্ট সন্দৰ্ভত কৰিমগঞ্জৰ জিলা উপায়ক্ত আম্বামুথান এম পি এ কয় যে এনেকুৱা অবৈধভাৱে মানুহ যদি অহা যোৱা কৰে তেনেহ’লে এয়া ৰাষ্ট্ৰৰ বাবে ভাবুকি হ’ব পাৰে।
কিন্তু ইমান সৰু এটা কালভাৰ্ট ভাবুকি কেতিয়াও হ’ব নোৱাৰে। সীমান্তত থকা সকলো কালভাৰ্টত তাঁৰ লগোৱা আছে।
তথাপি কোনো এটা কালভাৰ্টত যদি তাঁৰ নাই তেনেহ’লে এয়া অতি শীঘ্ৰে লগোৱাৰ ব্যৱস্থা হ’ব বুলি জানিবলৈ দিয়ে।
photo credit: google