বিতৰ্কত বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ জামিন আৱেদন নাকচ ৷
তিনিচুকীয়া চেচন আদালতে মঙলবাৰে নাকচ কৰিলে দীপাঞ্জলি কাকতিৰ জামিন ৷
উল্লেখ্য, ২৭ ফেব্ৰুৱাৰীত তিনিচুকীয়া আৰক্ষীয়ে কাকপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দীপাঞ্জলি কাকতিক ৷
২০২০ চনৰ ৮ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰিছিল দীপাঞ্জলি কাকতিয়ে ৷
কাকপথাৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷
ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪,৪৪৮,৩৩২,১৪৭ নং ধাৰাত চাৰিটাকৈ গোচৰ ৰুজো হৈছিল দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে ৷
ঘটনা সংঘটিত কৰিয়ে পলাতক অৱস্থাত আছিল দীপাঞ্জলি কাকতি।