আমবাৰীৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱ স্থানান্তৰিত কৰাৰ আহ্বানেৰে পুৰাতত্ব বিভাগৰ কাৰ্যালয়ৰ পৰা পত্ৰ প্ৰেৰণ কামৰূপ মেট্ৰ’ৰ উপায়ুক্তলৈ ৷
আমবাৰী আৰ্কিঅ’লজিকেল চাইটৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই আহ্বান সঞ্চালক ডঃ দীপি ৰেখা কুলিৰ ৷
উল্লেখ্য, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ সংঘটিত কৰাৰ অপৰাধত সাংবাদিক বিশ্বজিৎ নাথে লতাশিল থানাত এজাহাৰ দাখিল কৰিছিল প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ৷
সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত পত্ৰ প্ৰেৰণ কৰিছে পুৰাতত্ব বিভাগৰ সঞ্চালকে ৷
কিন্তু এই ক্ষেত্ৰত কোনো সন্তোষজনক সঁহাৰি লাভ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ৷
উল্লেখযোগ্য যে শেহতীয়াভাৱে ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱৰ বাবে ভূমি আৱণ্টন দিছে ৰাজ্য চৰকাৰে ৷