পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত লোকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে প্ৰেৰণ কৰা আৰ্থিক সাহায্যৰ ধনৰ চেক সমূহ বিতৰণ কৰা হয়। সমষ্টিটোৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ জটিল ৰোগত আক্ৰান্ত মুঠ ১২০ গৰাকী লোকৰ মাজত চেক সমূহ বিতৰণ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই। এই উপলক্ষে বৰঝাৰ বিমানবন্দৰৰ গাতে লগা কাঁহিকুছি গাঁও পঞ্চায়ত কাৰ্য্যলয় চৌহদত শনিবাৰে দুপৰীয়া গ্ৰামাঞ্চলৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
তেনেদৰে বিয়লি মহানগৰীৰ আমবাৰীস্থিত শ্ৰী শ্ৰীদূৰ্গা মন্দিৰ প্ৰাংগণত নগৰাঞ্চলৰ বিভিন্ন অঞ্চলৰ জটিল ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলকো এক অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চেক সমূহ বিতৰণ কৰে। দুয়োটা অনুষ্ঠান অনুষ্ঠানতে অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি , অগপৰ জেষ্ঠ্য নেতা পৰমেশ্বৰ বৰ্মন, সদস্যা ৰজিদা বেগম আৰু নিজৰা কলিতা, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ পূৰবী তালুকদাৰ, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াকে ধৰি কেবাজনো বিশিষ্ট নেতা উপস্থিত থাকে।