সীমান্ত নিৰাপত্তা বাহিনী (BSF) আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত কালি সন্ধিয়া বি এছ এফ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) দেৱালী মেলা অনুষ্ঠিত হয়। বি এছ এফ আৰু NDRFৰ বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় বহু লোকৰ উপস্থিতিত দেৱালী মেলাখন উদ্ধোধন কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় গৌৰে।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সঞ্জয় গৌৰে চমু ভাষণত পোহৰৰ উৎসৱ দীপাবলীৰ তাৎপৰ্য দাঙি ধৰি কয় এই উৎসৱে সীমান্তত কৰ্তব্য সম্পাদন কৰি অহা বিষয়া – জোৱান সকলৰ মনোবল বৃদ্ধিত সদায় অৰিহণা যোগায় আহিছে। অনুষ্ঠানত NDRFৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীকে ধৰি দুয়োটা বাহিনীৰ কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে মেলাৰ লগত সংগতি ৰাখি NDRFৰ উদ্যোগত এখন কুকুৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। তেনেদৰে এখন খাদ্য প্ৰদৰ্শনীও অনুষ্ঠিত হয়। য’ত বিভিন্ন খাদ্য সম্ভাৰ, মিঠাই আদি প্ৰদৰ্শন কৰা হয়। তেনেদৰে সন্ধিয়াৰ পৰা নিশা প্ৰায় ৯.৩০ বজালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত বি এছ এফৰ জাজ বেণ্ডৰ দলে যন্ত্ৰ সংগীত পৰিবেশন কৰাৰ লগতে বি এছ এফ আৰু এন ডি আৰ এফৰ কেবাজনো বিষয়া – জোৱান আৰু তেওঁলোকৰ সন্তানে সংগীত, নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।